শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১২,৫২২লৈ বৃদ্ধি

সম্প্ৰতি ৰাজ্যত ক’ৰ’না এক্টিভ পজিটিভৰ সংখ্যা ৪,৬২৩হৈছে।

Sentinel Digital Desk

অসমত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১২,৫২২লৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ৰাজ্যত নতুনকৈ আৰু ৭৮৬জন ক'ৰ'না চিনাক্ত হৈছে। এইসকল ক'ৰ'না আক্ৰান্তৰ ৫৫২জন গুৱাহাটীৰে।ফলত ক'ৰ'না আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছে। সম্প্ৰতি ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ৪,৬২৩হৈছে।