শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৮৪লৈ বৃদ্ধি, আৰু ২৩জন পজিটিভ চিনাক্ত

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৮৪লৈ বৃদ্ধি, আৰু ২৩জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৮৪ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ২৩ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই নতুন ২৩ ক'ৰ'না আক্ৰান্তৰ ১১ গৰাকী ডিব্ৰুগড়ৰ,৫ গৰাকী ওদালগুৰিৰ, তিনি গৰাকী ধুবুৰীৰ, ৩গৰাকী দৰঙৰ আৰু এগৰাকী শোণিতপুৰৰ। ফলত ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ১,১৯২জনলৈ বৃদ্ধি পাইছে।