শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৯০লৈ বৃদ্ধি, আৰু ছজন আক্ৰান্ত চিনাক্ত

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৯০লৈ বৃদ্ধি, আৰু ছজন আক্ৰান্ত চিনাক্ত

আৰু ছজন ক'ৰ'না পজিটিভ চিনাক্ত হ'ল অসমত । ফলত ৰাজ্যত সম্প্ৰতি ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৯০জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ছজন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই নতুন ছয় ক'ৰ'না আক্ৰান্তৰ চাৰিগৰাকী চৰাইদেউৰ, এগৰাকী শিৱসাগৰৰ আৰু এগৰাকী নগাঁৱৰ। ফলত ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ১,১৯৮জনলৈ বৃদ্ধি পাইছে।