অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১১৫লৈ বৃদ্ধি, আৰু ৪২ জন পজিটিভ চিনাক্ত
অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১১৫জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ৪২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৪২ ক'ৰ'না আক্ৰান্তৰ ৩৮জন ধুবুৰীৰ আৰু ৪ জন দৰঙৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৬৪৯জনলৈ বৃদ্ধি পাইছে।