শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৫,০৯২লৈ বৃদ্ধিঃ স্বাস্থ্য মন্ত্ৰী

ৰাজ্যত সম্প্ৰতি মুঠ ক'ৰ'না সক্ৰিয় পজিটিভৰ সংখ্যা ৭,৯৩৬জন।

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যাৰ উদ্বেগজনক বৃদ্ধি অব্যাহত আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৫,০৯২জনলৈ বৃদ্ধি পাইছে। কাৰণ ৰাজ্যত নতুনকৈ আৰু ১,০৯৩জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰে ৪৪৮জন গুৱাহাটী মহানগৰৰ। স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ মতে, ৰাজ্যত সম্প্ৰতি মুঠ ক'ৰ'না সক্ৰিয় পজিটিভৰ সংখ্যা ৭,৯৩৬জন।