শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩০৯২লৈ বৃদ্ধি, আৰু ৪২ জন পজিটিভ চিনাক্ত

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩০৯২লৈ বৃদ্ধি, আৰু ৪২ জন পজিটিভ চিনাক্ত

অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩০৯২জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৪২ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৪২ ক'ৰ'না আক্ৰান্ত ব্যক্তি ৰাজ্যৰ বিভিন্ন জিলাৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৯৮৭ জনলৈ বৃদ্ধি পাইছে।