শীৰ্ষ বাতৰি

আৰু ২০জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৭৮ জনলৈ বৃদ্ধি

Sentinel Digital Desk

আৰু ২০জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৭৮ জনলৈ বৃদ্ধি

শেহতীয়া তথ্য অনুসৰি অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩৭৮জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নিশা নতুনকৈ ২০জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় ৷ ইয়াৰে ছজন নলবাৰীৰ, পাঁচজন কামৰূপৰ, চাৰিজন হোজাইৰ, দুজন কামৰূপ মহানগৰৰ, দুজন নগাঁৱৰ আৰু এজন মৰিগাঁৱৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত সক্ৰিয় ক'ৰ'না পজিটিভৰ সংখ্যা ৩১৪জনলৈ বৃদ্ধি পায়।