শীৰ্ষ বাতৰি

অসমত ক'ৰ'না মহামৰীত আক্ৰান্তৰ সংখ্যা ৭৭৪লৈ বৃদ্ধি, নতুন ৬০জন পজিটিভ চিনাক্ত

Sentinel Digital Desk

অসমত ক'ৰ'না মহামৰীত আক্ৰান্তৰ সংখ্যা ৭৭৪লৈ বৃদ্ধি, নতুন ৬০জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ আজি দিনটোত শতাধিক নতুন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়৷ আজি সন্ধিয়া একেলগে ৬০ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত সম্প্ৰতি ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭৭৪ জনলৈ বৃদ্ধি পাইছে৷ এই কথা টুইটাৰযোগে সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই ৬০ ক'ৰ'না আক্ৰান্তৰ ৪১জন কামৰুপ মহানগৰৰ, ৯ জন হোজাইৰ, ৫জন মৰিগাঁৱৰ, ৪জন দৰঙৰ আৰু এজন কামৰুপৰ ৷ সম্প্ৰতি অসমত ৭০৫জন ক'ৰ'না এক্টিভ আছে ৷