শীৰ্ষ বাতৰি

আৰু ৯জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭৮৩লৈ বৃদ্ধি

Sentinel Digital Desk

আৰু ৯জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭৮৩লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ যোৱা নিশা নতুন ৯ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত ৭৮৩ জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৯ আক্ৰান্তৰ পাঁচজন হোজাইৰ, এজন নগাঁৱৰ, এজন কামৰুপ মহানগৰৰ, এজন মৰিগাঁৱৰ আৰু এজন যোৰহাটৰ ৷ ফলত সম্প্ৰতি অসমত ক'ৰ'না এক্টিভ ব্যক্তিৰ সংখ্যা ৬৮৯জনলৈ বৃদ্ধি পাইছে ৷