শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭৯৮লৈ বৃদ্ধি, আৰু ১৫জন পজিটিভ চিনাক্ত

১১জন কামৰূপ মহানগৰৰ, তিনিজন ডিব্ৰুগড়ৰ আৰু এজন লখিমপুৰৰ।

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭৯৮লৈ বৃদ্ধি, আৰু ১৫জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি ঘটি আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭৯৮জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ১৫ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ১৫ জন আক্ৰান্তৰ ১১জন কামৰূপ মহানগৰৰ, তিনিজন ডিব্ৰুগড়ৰ আৰু এজন লখিমপুৰৰ। ফলত সম্প্ৰতি ৰাজ্যত ক'ৰ'না সক্ৰিয় ৰোগীৰ সংখ্যা ৭০৪জনলৈ বৃদ্ধি পাইছে।