শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮,৫৪৭লৈ বৃদ্ধি, আৰু ১৪০ জন পজিটিভ চিনাক্ত

ৰাজ্যত শৰীৰত ক’ৰ’না ভাইৰাছ সক্ৰিয় হৈ থকা ব্যক্তিৰ সংখ্যা ২,৮৮৫জন হৈছে।

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ উদ্বেগজনক বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ মুঠ সংখ্যা সম্প্ৰতি ৮,৫৪৭জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতাশ কৰা অনুসৰি শেহতীয়াকৈ ৰাজ্যত আৰু ১৪০জন ক'ৰ'না আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হৈছে। ফলত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮,৫৪৭জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা ব্যক্তিৰ সংখ্যা ২,৮৮৫জন হৈছে।