অসমত তীব্ৰ হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৪০৮ জন ক'ৰ'না পজিটিভ চিনাক্ত কৰা হৈছে। ফলত ৰাজ্যত সম্প্ৰতি মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮,৯৫৫জনলৈ বৃদ্ধি পাইছে। কেৱল গুৱাহাটীতে যোৱা ২৪ ঘণ্টাত ৩৭৮জন ক'ৰ'না পজিটিভ চিনাক্ত কৰা হয়। সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা ব্যক্তিৰ সংখ্যা ৩,১০৯জনলৈ বৃদ্ধি পাইছে।