শীৰ্ষ বাতৰি

অসমত ক'ৰ'নাৰ আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৬৪ শতাংশলৈ বৃদ্ধি

Sentinel Digital Desk

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে এক সুখবৰ ৷ এই মহামাৰীত আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ হাৰ ৰাজ্যত সম্প্ৰতি প্ৰায় ৬৪শতাংশলৈ বৃদ্ধি পাইছে ৷ আজি ৰাজ্যত আৰু ১৩৬জন ক'ৰ'না ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয় ৷ কাৰণ এই ক'ৰ'না আক্ৰান্তসকল সুস্থ হৈছে ৷ এইসকলে চিকিৎসালয়ৰ পৰা বিদায় লোৱাৰ লগে লগে ৰাজ্যত ক'ৰ'না মহৰমাৰীত আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৬৩.৯৬শতাংশলৈ বৃদ্ধি পাইছে ।এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ," আনন্দিত হৈছো যে আজি চিকিৎসালয়ৰ পৰা আৰু ১৩৬ক'ৰ'না ৰোগীক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ এইসকল ৰাজ্যৰ বিভিন্ন জিলা চিকিৎসালয় আৰু আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷" ইয়াৰ পূৰ্বে আজি অসমত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ৫হেজাৰৰ ঘৰক অতিক্ৰম কৰে ৷