শীৰ্ষ বাতৰি

ক'ৰ'নাক পৰাভুত কৰি কৰ্তব্যলৈ ওভটিল ডিজিপি মহন্ত, বীৰোচিত আদৰণী

Sentinel Digital Desk

ক'ৰ'নাক পৰাভুত কৰি কৰ্তব্যলৈ ওভতি আহিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (ডি জি পি)মহন্ত ৷ আজি মঙলবাৰে মহন্তই কাৰ্যালয়লৈ অহাৰ সময়ত অসম আৰক্ষীয়ে তেওঁক বীৰোচিত আদৰণী জনায় ৷ উল্লেখ্য যে ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাৰ পাছত ডি জি পি মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈছিল ৷ কৰ্তব্যলৈ ওভতি অহাৰ কথা সদৰী কৰি ডি জি পিগৰাকীয়ে এটা ফে'চবুক প'ষ্টত কয়,

"মই কোভিদ-১৯ত আক্ৰান্ত বুলি যোৱা ১০ আগষ্টত নিশ্চিত হৈছিলো। প্ৰথম দিনা ঘৰতে আছুতীয়াকৈ থকাৰ পিছত পিছদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি হৈছিলো। সেইদিনাই লিখিছিলো-"সদায় ইতিবাচক চিন্তা আৰু যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ চেষ্টা কৰিছো। কোভিদ-১৯ প'জিটিভ হোৱাৰ পিছত এতিয়া ভাবিছো-কোৰোনা ভাইৰাছক পৰাজয় কৰিব পৰাকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাৰ পিছত এগৰাকী কোৰোনা যোদ্ধা হিচাপে পূৰ্বতকৈয়ো অধিক শক্তিশালী ৰূপত কোৰোনা বিৰোধী যুঁজত অৱতীৰ্ণ হ'ব পাৰিম।"

শুভাকাংক্ষীসকললৈ ধন্যবাদ জনাই তেওঁ একেটা ফে'চবুক প'ষ্টত আৰু কয়," আপোনালোকৰ মৰম,আশীৰ্বাদ,শুভেচ্ছা,প্ৰাৰ্থনা, ঈশ্বৰৰ কৃপা আৰু চিকিৎসকৰ যত্নত মই বৰ্তমান সম্পূৰ্ণভাৱে সুস্থ আৰু পূৰ্বতকৈয়ো অধিক শক্তিশালী ৰূপত কোৰোনা বিৰোধী যুঁজত অৱতীৰ্ণ হ'বলৈ সম্পূৰ্ণভাৱে সাজু। আজি কেইবাদিনৰ মূৰত কাৰ্যালয়লৈ ঘূৰি অহাৰ সময়ত সহকৰ্মীসকলে যি উৎসাহেৰে মোক অভিবাদন জনালে,সেয়া মোৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস হৈ ৰ'ব।"