শীৰ্ষ বাতৰি

ক'ৰ'না পজিটিভঃ জি এম চি এইচত ভৰ্তি ডি জি পি মহন্ত

Sentinel Digital Desk

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (ডি জি পি) ভাস্কৰজ্যোতি মহন্ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে। উল্লেখ্য যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ক'ৰ'না পজিটিভ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ডি জি পি মহন্তক জি এম জি এইচত ভৰ্তি কৰা হৈছে। সোমবাৰে তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হয়।  আনহাতে, আজি আগবেলা এটা ফে'চবুক আপডেটত মহন্তই কয়, " সদায়ে ইতিবাচক চিন্তাধাৰা আৰু ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাৰ চেষ্টা কৰি আহিছো।

ক'ৰ'না পজিটিভ হোৱাৰ পাছত মই ভাবো যে এই ৰোগ প্ৰতিৰোধৰ শক্তি দেহে আহৰণ কৰিছে। ক'ৰ'না যুঁজাৰুৰূপে মই শক্তিশালী যুঁজাৰু হব পাৰো। বিগত কিছুদিনত মোৰ সংস্পৰ্শলৈ অহা যি ব্যক্তিয়েই নহওক কিয়, সকলোৱে স্বাস্থ্য পৰীক্ষা কৰাওক।" এই সম্পৰ্কত স্বাস্থ্য বিভাগৰ এজন বিষয়াই কয় যে ক'ৰ'না প্ৰতিৰোধৰ বিধি অনুসৰি সকলো কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰা হ'ব।