শীৰ্ষ বাতৰি

ৰাজ্যত বানৰ কালৰূপঃ আৰু চাৰিজনৰ প্ৰাণহানি, ১৩লাখ ক্ষতিগ্ৰস্ত

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ ভয়াৱহ প্ৰাদুৰ্ভাবৰ মাজতে ৰাজ্যত বানে কালৰূপ ধাৰণ কৰিছে ৷ ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ একাংশ উপনৈ ফেনেফুটুকাৰে বাঢ়ি আহি ৰাজ্যৰ ২৫খনকৈ জিলাৰ বহু অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি সাম্প্ৰতিক বানত ৰাজ্যৰ ১৫খন জিলাৰ ১৩লাখ ১৬হেজাৰ ৯২৭জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে, বানত ডুবি আৰু চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে ৷ এই দুৰ্ভগীয়া চাৰিজনৰ দুজন ডিব্ৰুগড় জিলাৰ আৰু আন দুজনৰ এজন গোৱালপাৰাৰ আৰু আনজন বৰপেটাৰ ৷ এই চাৰিজনৰ লোকৰ প্ৰাণহানি ঘটাৰ লগে লগে সাম্প্ৰতিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি সাম্প্ৰতিক বানত ৰাজ্যত ৮৩, ১৬৮হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে ৷ এই সংসাৰী বানৰ বাবে বহু লোকে ঘৰবাৰী এৰি টালি-টোপোলা লৈ নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে ৷

ইপিনে, আজিলৈকে ৰাজ্যত ২৪, ৪৫২জন লোকে অস্থায়ী শিৱিৰত আশ্ৰয় লৈছে ৷ এই লোকসকলক ২৭৩টা অস্থায়ী শিৱিৰত আশ্ৰয় প্ৰদান কৰা হৈছে ৷ আনহাতে, যোৱা ২৪ঘণ্টাত ১০হেজাৰৰো অধিক জলবন্দী লোকক দুৰ্যোগ ব্যৱস্থাপনা কৰ্মীয়ে উদ্ধাৰ কৰে ৷ এই বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বহু অংশ বুৰ গৈছে ৷ উদ্যানখনৰ মুঠ ২২৩টা বন শিৱিৰৰ ১৪৬টা এই বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে তিনিটা শিৱিৰ সম্পূৰ্ণৰূপে খালী কৰা হৈছে ৷