শীৰ্ষ বাতৰি

দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে অসমলৈ কেন্দ্ৰৰ ১৭১.৬০ কোটি টকা

Sentinel Digital Desk

দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে অসমলৈ কেন্দ্ৰৰ ১৭১.৬০ কোটি টকা

দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসমলৈ মুকলি কৰি দিছে ১৭১.৬০ কোটি টকা। ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত অসমলৈ এই ধন মুকলি কৰা হৈছে।

বৰ্তমানে অসম চৰকাৰে কেন্দ্ৰৰ এছ ডি আৰ এফৰ নীতি-নিৰ্দেশনাৰ অপেক্ষাত আছে ।

অসমৰ ক্ষেত্ৰত এই পুঁজি বিশেষকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বাট-পথ আৰু মথাউৰি আদিৰ পূননিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব ।

এক নতুন ধাৰণাৰ অধীনত এছ ডি আৰ এফত এনেদৰে পুঁজি মুকলি কৰা হৈছে।

ৰাজ্যিক স্তৰত দুৰ্যোগ ব্যৱস্থাপনা সহজ কৰাৰ উদ্দেশ্য কেন্দ্ৰই এনে ব্যৱস্থা হাতত লৈছে।