শীৰ্ষ বাতৰি

আধাৰ পঞ্জীয়ন ক্ষিপ্ৰতৰ কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ চৰকাৰৰ

Sentinel Digital Desk

আধাৰ পঞ্জীয়নৰ কাম ক্ষিপ্ৰতৰ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে সকলো জিলাৰ উপায়ুক্তসকললৈ নিৰ্দেশ জাৰি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ(জি এ ডি)-এ এক সম্পূৰ্ণ অভিযানমূলক মনোবৃত্তিৰে সকলো লোকে আধাৰকাৰ্ড লাভ কৰাকৈ কাম কৰিবলৈ উপায়ুক্তসকলক জি এ ডিয়ে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক সহায় কৰা ৷

সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ডঃ এম অংগমুথুৱে উপায়ুক্তসকললৈ প্ৰেৰণ কৰা এক নিৰ্দেশনা পত্ৰত কোৱা হয় যে ৰাজ্যত আধাৰ পঞ্জীয়নৰ সংখ্যা দ্ৰুততৰ হ'ব লাগিব। "একমাত্ৰ আধাৰ কাৰ্ডৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা কোনো লোক যাতে বঞ্চিত হ'বলগা নহয়, তাৰ বাবে আধাৰ পঞ্জীয়নৰ কাম দ্ৰুততৰ হ'ব লাগিব ৷ আধাৰ কাৰ্ডৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে," পত্ৰখনত এনেদৰে কোৱা হৈছে ৷ পত্ৰখনত লগতে সকলো গাঁও পঞ্চায়ত অঞ্চলত আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। বৰ্তমানে থকা কেন্দ্ৰসমূহৰ উপৰি নতুনকৈ আধাৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।