শীৰ্ষ বাতৰি

চৰ্তসাপেক্ষে ৩০-৩১ জুলাইত আন্তঃজিলা যাতায়াতৰ সুযোগ

Sentinel Digital Desk

লক-ডাউনৰ মাজতে অহা ৩০ আৰু ৩১ জুলাইত কেতবোৰ চৰ্ত-সাপেক্ষে সাধাৰণ লোকক আন্তঃজিলা ভ্ৰমণৰ সুযোগ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।ইতিমধ্যে এই সম্পৰ্কীয় ঘোষণাৱলী প্ৰকাশ কৰে ৰাজ্য চৰকাৰে। চৰ্তসাপেক্ষে অহা ৩০ আৰু ৩১ জুলাইত আন্তঃজিলা ভ্ৰমণৰ সুযোগ প্ৰদানৰ কথা সদৰী কৰি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে অহা ৩০ আৰু ৩১ জুলাইত আন্তঃজিলা ভ্ৰমণৰ সুযোগ প্ৰদান কৰা হব। কিন্ত সংশ্লিষ্ট সকলোৱে ক'ৱিড-১৯ৰ নীতি-নিয়মাৱলী কঠোৰভাবে মানি চলিব লাগিব। অৱশ্যে কণ্টেইনমেণ্ট জ'নৰ বাসিন্দাসকলক এই সুবিদা প্ৰদান কৰা নহ'ব বুলি মুখ্য সচিবে সদৰী কৰে।

উল্লেখ্য যে ৰাজ্যত উদ্বেগজনকভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আন্তঃজিলা ভ্ৰমণ অথবা এখন জিলাৰ পৰা আন এখন জিলালৈ মানুহৰ যাতায়াতত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। কালি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বাণুমান প্ৰকাশ কৰা অনুসৰি অহা আগষ্টত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা আছে।