শীৰ্ষ বাতৰি

কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত অসমৰ ৰাজ্যপালৰ বাসভৱন

Sentinel Digital Desk

ৰাজ্যৰ ৰাজভৱন তথা ৰাজ্যপাল জগদীশ মুখীৰ বাসভৱন কণ্টেইমেণ্ট জ'নৰূপে চিহ্নিত কৰিলে প্ৰশাসনে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজভৱন চৌহদত ক'ৰ'না আক্ৰান্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিয়মানুসৰি কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে ৰাজ্যপালৰ বাসভৱন চৌহদক কণ্টেইনমেণ্ট জ'ন বা মণ্ডলৰূপে ঘোষণা কৰিছে। এক সূত্ৰই জনোৱা মতে, ৰাজভৱনৰ এজন পাম্প অপাৰেটৰ আৰু এজন সৈনিকৰ শৰীৰত এই অতি সংক্ৰামক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। উপায়ুক্ত বিশ্বজিত পেগুৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই কণ্টেইনমেণ্ট মণ্ডলৰ চাৰিসীমা নিম্নোক্তধৰণৰ হ'বঃ

উত্তৰঃ হোটেল বেলিভিউ

দক্ষিণঃ বনকোঁৱৰ নগৰ

পূবঃ বৰঠাকুৰ ক্লিনিক আৰু

পশ্চিমঃ এম জি ৰোড।

উপায়ুক্তৰ এই নিৰ্দেশ আজি ৪ জুলাইৰ পৰা বলবত হৈছে।