শীৰ্ষ বাতৰি

ক'ৱিডৰ বিৰুদ্ধে যুঁজঃ খানাপাৰাত ৮০০বিছনাযুক্ত হাস্পতাল নিৰ্মাণ

Sentinel Digital Desk

ক্ৰমে জটিল ৰূপ ধাৰণ কৰা ক'ৱিড-১৯বিৰোধী যুঁজখন শক্তিশালী কৰাৰ উদ্দেশ্যে কঁকালত টঙালি বান্ধিছে ৰাজ্য চৰকাৰে। ইয়াৰ অংশস্বৰূপে ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৱাহাটীৰ খানাপাৰত এখন ৮০০খন বিছনাযুক্ত হাস্পতাল নিৰ্মাণ কৰিবলৈ লৈছে। টুইটাৰযোগে এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ শুকুৰবাৰে এই নিৰ্মীয়মান হাস্পতাল পৰিদৰ্শন কৰে। হাস্পতালখন শীঘ্ৰে মুকলি কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰিছে। উল্লেখ্য যে ৰাজ্যত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে ছহেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয় যে বৰ্তমানে হাস্পতালত থকা বিছনাৰ সংখ্যাতকৈ ৰোগীৰ সংখ্যা বৃদ্ধিৰ আশংকা আছে।