শীৰ্ষ বাতৰি

ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিক-অন্যান্যক জব কাৰ্ড দিব অসম চৰকাৰে, মন্ত্ৰী দলেৰ ঘোষণা

এনে আবেদনকাৰীসকলক সাত দিনৰ ভিতৰত জব কাৰ্ড প্ৰদান কৰা হ’ব

Sentinel Digital Desk

ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিক-অন্যান্যক জব কাৰ্ড দিব অসম চৰকাৰে, মন্ত্ৰী দলেৰ ঘোষণা

ক'ৰ'না মহামাৰীৰ প্ৰকোপৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ঘৰমুৱা হোৱা প্ৰব্ৰজিত শ্ৰমিক আৰু অন্যান্য আৰ্থিকভাবে দুৰ্বল লোকসকলক জব কাৰ্ড প্ৰদানৰ আঁচনি লৈছে অসম চৰকাৰে ৷ এইসকল লোকক সংস্থাপিত কৰাৰ উদ্দেশ্যে এক বিশেষ আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই কথা সদৰী কৰি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয় মন্ত্ৰী নৱ কুমাৰ দলেই এনে ধৰণৰ লোকসকলক জব কাৰ্ডৰ বাবে আবেদন জনাবলৈ আহ্বান জনাইছে ৷ মন্ত্ৰীজনে কয় যে এনে আবেদনকাৰীসকলক সাত দিনৰ ভিতৰত জব কাৰ্ড প্ৰদান কৰা হ'ব ৷ তদুপৰি কাম বিচৰা লগে লগেই কাম প্ৰদানৰো নিশ্চয়তা দিয়ে মন্ত্ৰীজনেই ৷

ক'ৰ'না মহামাৰীয়ে সৃষ্টি কৰা আৰ্থিক সংকট মোচনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা ২০লাখ কোটি টকীয়া আৰ্থিক পেকেজৰ বিষয়ে উল্লেখ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী দলেই লগলে কয়, " এনেৰেগা আঁচনিৰ অধীনত কৰ্মদিনৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ কেন্দ্ৰীয় বাজেটতো এনৰেগাৰ বাবে ৬৫হেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যৰ পৰা ঘৰমুৱা হোৱা ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিক আৰু আৰ্থিকভাবে দুৰ্বল অন্যান্যসকলক জব কাৰ্ড প্ৰদান কৰিবলৈ লৈছো৷ ইচ্ছ্যুকসকলক আবেদন জনাবলৈ মই আহ্বান জনাইছো৷"