শীৰ্ষ বাতৰি

নাবাৰ্ডৰ পৰা ৩৩৮কোটি ঋণ লোৱাৰ প্ৰস্তুতি অসম চৰকাৰৰ

Sentinel Digital Desk

আগন্তুক সময়ত অসম চৰকাৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-ৰ পৰা ৩৩৮কোটি টকাৰ ঋণ লোৱাৰ যোজা চলাইছে ৷ গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ বাবে চৰকাৰে এই ঋণ লোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ এই ধন ছটা বিভাগৰ অধীনত ব্যয় পৰা হ'ব ৷

এই কথা সদৰী কৰি এক সূত্ৰই জনোৱা মতে, এই ৩৩৮কোটি টকাৰ ১২৮.২৭কোটি টকা গড়কাপ্টানী বিভাগৰ বাবে লোৱা হ'ব ৷ প্ৰাথমিক শিক্ষা বিভাগৰ বাবে ৯০.২৬কোটি টকা, পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগৰ বাবে ৪৭.৪৫কোটি টকা, ভূমি সংৰক্ষণৰ বাবে ২৮.৭৯কোটি টকা, কৃষি বিভাগৰ বাবে ২৪.১৫কোটি টকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে ১৯.৩৩কোটি টকা লোবা হ'ব ৷ অসম চৰকাৰে এই ঋণ ১.৫ শতাংশ হাৰত ল'ব ৷

সম্প্ৰতি নাবাৰ্ডে ৩.৯০শতাংশ সুদত ঋণ প্ৰদান কৰি আছে ৷ অলপতে এই ঋণ গ্ৰহণৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন প্ৰদান কৰে। সেই অনুসৰি চৰকাৰে ঋণ গ্ৰহণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। উল্লেখ্য যে বিভিন্ন আঁচনিৰ অধীনত ১৯৯৬-৯৭ৰ পৰা অসম চৰকাৰে ঋণ গ্ৰহণ কৰি আহিছে ৷ ২০১৯-২০বিত্তীয় বৰ্ষত অসম চৰকাৰে নাবাৰ্ডৰ পৰা ২২৯৩.৭৬কোটি টকাৰ ঋণ লৈছে ৷