শীৰ্ষ বাতৰি

অসমত ২৫লাখ ক'ৰ'না পৰীক্ষা সম্পন্নঃ স্বাস্থ্য মন্ত্ৰী শৰ্মা

Sentinel Digital Desk

অসমত বৰ্তমানলৈকে স্বাস্থ্য বিভাগে ২৫লাখ ক'ৰ'নাৰ নমুনা পৰীক্ষা কৰিছে ৷ কিছু সময় পূৰ্বে স্বাস্থ্য হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই তথ্য সদৰী কৰে ৷ টুইটাৰত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " আমি এতিয়ালৈ ২৫লাখ ক'ৰ'না পৰীক্ষা সফলতাৰে সম্পন্ন কৰিলো৷ প্ৰতি এক নিযুত লোক বা ১০লাখ লোকৰ বিপৰীতে ৭২, ৯৮৭পৰীক্ষা সম্পন্ন হৈছে ৷" উল্লেখ্য যে নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ লগে লগে ক'ৰ'না পজিটিভ ব্যক্তিৰ সংখ্যাও বৃদ্ধি পাইছে ৷ কৃত্ৰিম অক্সিজেন দিবলগীয়া গুৰুতৰভাবে অসুস্থ ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷

কালি দেওবাৰে ৰাজ্যত ১, ৭৬৩জন ক'ৰ'না পজিটিভ ব্যক্তি চিনাক্ত হৈছে ৷ ফলত ৰাজ্যত মুঠ ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ১, ২৫, ৪৫৯জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, ৰাজ্যত আৰু আঠজন ক'ৱিড-১৯আক্ৰান্তৰ মৃত্যু হৈছে ৷ ফলত মুঠ মৃতকৰ সংখ্যা ৩৬০জনলৈ বৃদ্ধি পাইছে ৷