শীৰ্ষ বাতৰি

জন্তুৰ শৰীৰৰ অংগসমূহৰ বিক্রী কেন্দ্ৰ হৈ পৰিছে অসম

২০২২ চনত ডব্লিউ চি চি বিয়ে জব্দ কৰা ঘটনাই নিঃসন্দেহে প্ৰমাণ কৰিছে যে অসমৰ মাজেৰে বিদেশী জীৱ-জন্তুৰ অবৈধ পৰিবহণৰ উপৰিও ৰাজ্যখন বন্যপ্ৰাণীৰ শৰীৰৰ অংগৰ বিক্ৰীৰ কেন্দ্ৰলৈ পৰিণত হৈছে।

Sentinel Digital Desk

গুৱাহাটীঃ ২০২২ চনত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ বিভাগে কৰা জব্দকৰণে প্ৰমাণ কৰিছে যে অসমৰ মাজেৰে বিদেশৰ জীৱ-জন্তুৰ অবৈধ পৰিবহণৰ উপৰিও ৰাজ্যখন বন্যপ্ৰাণীৰ শৰীৰৰ অংগৰ বিক্ৰীৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। ৰাজ্যত গঁড়ৰ চোৰাং চিকাৰৰ শেষ কৰাৰ ফলত পেংগোলিন আৰু অন্যান্য প্ৰাণী – বাঘ, হাতী, বিভিন্ন হাঁহ প্ৰজাতিৰ, টোকাই গেকো আদিৰ শৰীৰৰ অংগ সৰবৰাহ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি পেংগোলিন সংৰক্ষিত প্ৰজাতি হ'লেও ইহঁতৰ বাসস্থান ধ্বংস আৰু অবৈধ বাণিজ্যৰ বাবে ইয়াৰ জনসংখ্যা হ্ৰাস পাইয়েই আছে।

টকাই গেকো চীনৰ পৰম্পৰাগত চিকিৎসাৰ এক উপাদান, যাক গে জি নামেৰে জনা যায়। তেওঁলোকৰ মতে ই বৃক্ক আৰু হাওঁফাওঁক পুষ্টি প্ৰদান কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। চীন, হংকং, টাইৱান, ভিয়েটনাম, মালয়েছিয়া, ছিংগাপুৰ আৰু এছিয়াৰ অন্যান্য অঞ্চলত চীনা সম্প্ৰদায়ে এই প্ৰাণীটোক অত্যন্ত বিচাৰে ।