শীৰ্ষ বাতৰি

আই পি এছ ইন্দ্ৰাণী বৰুৱাসহ অসম আৰক্ষীৰ ৩৫গৰাকীলৈ মুখ্যমন্ত্ৰীৰ পদক

Sentinel Digital Desk

ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)- বিষয়া ইন্দ্ৰাণী বৰুৱাসহ অসম আৰক্ষী আৰু অগ্নিনিৰ্বাপক সেৱাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া—কনিষ্টবললৈ চলিত বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পদক আগবঢোৱা হৈছে। কাইলৈ দেশৰ স্বাধীনতা দিৱস উপলক্ষে এই ৩৫ বিষয়া-কনিষ্টবলক মুখ্যমন্ত্ৰীৰ পদক প্ৰদান কৰা হ'ব।

উত্কৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে এইসকল আৰক্ষী আৰু অগ্নিনিৰ্বাপক সেৱাৰ বিষয়া-কনিষ্টবলক এই পদক প্ৰদান কৰা হ'ব। ইয়াৰে ২৯ গৰাকী অসম আৰক্ষীৰ আৰু ছগৰাকী অগ্নিনিৰ্বাপক সেৱাৰ। এই পদক লাভ কৰা আৰক্ষী বিষয়া-কনিষ্টবলসকল হৈছেঃ ইন্দ্ৰাণী বৰুৱা (অধিনায়ক, চতুৰ্থ বেটেলিয়ন), অমনজিত কৌৰ( নলবাৰীৰ আৰক্ষী অধীক্ষক), আনন্দ মিশ্ৰ (ধুবুৰীৰ আৰক্ষী অধীক্ষক), সুভাষিনী শংকৰণ আদি।