শীৰ্ষ বাতৰি

নিটি আয়োগৰ তথ্যঃ অসম উত্তৰ-পূবৰ অন্যতম দৰিদ্ৰ ৰাজ্য

Sentinel Digital Desk

চৰকাৰী থিংক টেংক নিটি আয়োগে শুকুৰবাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি অসম সমগ্ৰ উত্তৰ-পূবৰ ভিতৰত অন্যতম দৰিদ্ৰ ৰাজ্য ৷ নিটি আয়োগৰ তথ্য মতে, দৰিদ্ৰতাৰ দিশৰ পৰা অসমৰ পাছতে স্থান লাভ কৰিছে মেঘালয়ে। নিটি আয়োগৰ বহুমাত্ৰিক দৰিদ্ৰতা সূচক অনুসৰি অসম উত্তৰ-পূবৰ অন্যতম দৰিদ্ৰ ৰাজ্য আৰু এইক্ষেত্ৰত অসমৰ পাছত আছে কেৱল মেঘালয়হে। এই সূচকত অসমে ৩২.৬৭ শতাংশ পাই১৬.৬৫ছে।  ইয়াৰ বিপৰীতে নগালেণ্ডে ২৫.২৩ শতাংশ (দশম), অৰুণাচল প্ৰদেশে ২৫. ২৩ শতাংশ ( একাদশ), মণিপুৰ ( ১৭.৮৯ শতাংশ), ত্ৰিপুৰা ১৬.৬৫ শতাংশ আৰু মিজোৰামে ৯.৮০ শতাংশ পাইছে। আনহাতে, মেঘালয় দেশৰ পঞ্চম দৰিদ্ৰ ৰাজ্যৰূপে চিহ্নিত হৈছে। 

নিটি আয়োগৰ এই তথ্য অনুসৰি বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ দেশৰ সবাতোকৈ দৰিদ্ৰ ৰাজ্য। অসমে ষষ্ঠ স্থান অধিকাৰ কৰিছে। পঞ্চম স্থানত আছে মেঘালয়। 

নিটি আয়োগৰ মতে, বিহাৰত দৰিদ্ৰতাৰ হাৰ ৫১.৯১ শতাংশ। ঝাৰখণ্ডৰ দৰিদ্ৰতাৰ হাৰ ৪২.১৬ শতাংশ । উত্তৰ প্ৰদেশৰ ৩৭. ৭৯ শতাংশ, মধ্য প্ৰদেশৰ ৩৬.৬৫ শতাংশ আৰু মেঘালয়ৰ ৩২.৬৭ শতাংশ।