শীৰ্ষ বাতৰি

বিমান যাত্ৰীৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

Sentinel Digital Desk

তলাবন্ধ শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত বিমান চলাচলত শিথিলতা প্ৰদান কৰা হৈছে। সম্প্ৰতি অসম চৰকাৰে বিমানযাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা কেতবোৰ নতুন নীতি-নিৰ্দেশনা তথা গাইডলাইন ঘোষণা কৰিছে। কালি ৰাজ্য চৰকাৰে জাৰি কৰা এই নতুন নীতি-নিৰ্দেশনাসমূহ অসমলৈ অহা আৰু অসমৰ পৰা বাহিৰলৈ যোৱা বিমান যাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হব।

এই নতুন নীতি-নিৰ্দেশনা অনুসৰি অসমলৈ অহাৰ পাছত মাথোঁ ২৪ ঘণ্টাৰ ভিতৰতে অসম ত্যাগ কৰা ব্যক্তিৰ ক্ষেত্ৰত আছুতীয়াকৰণ বা কোৱাৰেণ্টিনৰ প্ৰয়োজন নহ'ব। অৱশ্যে কিছু চৰ্ত থাকিব। এনে চৰ্ত অনুসৰি অসমলৈ অহা এজন ব্যক্তিয়ে তেওঁ যে ২৪ ঘণ্টাৰ ভিতৰতে অসম ত্যাগ কৰিব তাৰ উভতনি টিকট সংশ্লিষ্ট চৰকাৰী কৰ্মীক দেখুৱাব লাগিব। তদুপৰি পৰীক্ষাৰ বাবে তেওঁ স্বাৱ ছেম্পল প্ৰদান কৰিব লাগিব। যদি তেওঁৰ নমুনা পৰীক্ষাত ক'ৱিড-১৯ নিগেটিভ হয়, তেতিয়াহে তেওঁক যাবলৈ দিয়া হব। পজিটিভ হলে কোৱাৰেণ্টিন হব লাগিব।