শীৰ্ষ বাতৰি

তামিলনাডুৰ পৰা অসমলৈ ঘূৰাই পঠিয়াব প্ৰেৰণাক

Sentinel Digital Desk

কিছু বছৰ পূৰ্বে অসমৰ পৰা তামিলনাডু নিয়া প্ৰেৰণা নামৰ হাতীজনী পুনৰ ৰাজ্যলৈ ঘূৰি আহিব।উল্লেখ্য যে ২০১৪ত প্ৰেৰণাক তামিলনাডুৰ মাদুৰাইৰ শ্ৰী সমব্ৰমমিয়ম মন্দিৰলৈ নিয়া হয়। সম্প্ৰতি তামিলনাডুৰ বন বিভাগে হাতীজনীক পুনৰ অসমলৈ ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত লৈছে।সম্প্ৰতি প্ৰেৰণাৰ বয়স ১২বছৰ। অতি খঙাল হাতীজনীয়ে নিজৰে মাউত এছ কৈলাশক গছকি হত্যা কৰে। মাউতজনৰ বয়স হৈছিল ৩২বছৰ। প্ৰাপ্ত তথ্য অনুসৰি এই হাতীজনী সম্পৰ্কত অলপতে তথ্য বিচাৰি প্ৰাণী অদিকাৰ কৰ্মী এণ্টনী ক্লিমেণ্ট ৰবীনে আৰ টি আই আইনৰ অধীনত আবেদন জনায়।

তেওঁক প্ৰদান কৰা উত্তৰত বন বিভাগে জনায় যে হাতীজনীক উগ্ৰ স্বভাৱৰ বাবে অসমলৈ উভতাই পঠিওৱা হব। কাৰণ শেহতীয়াভাবে প্ৰেৰণাই নিজৰে মাউত চাৰণ নামৰ ২৪ বছৰীয়া যুৱকজনকো আক্ৰমণ কৰে। প্ৰাপ্ত তথ্য অনুসৰি ২০০৮ৰ ৩ মে'ত প্ৰেৰণাৰ জন্ম হয়। ২০১৪ত তাইক লীলা বৰা নামৰ এজন লোকে তামিলনাডুক লীজত দিয়ে। গোলাঘাটৰ বৰাই এই ক্ষেত্ৰত মধ্যস্ততা কৰে।