শীৰ্ষ বাতৰি

বান প্ৰসংগত উত্তপ্ত অসম বিধানসভা: বিৰোধীৰ সদন ত্যাগ

Sentinel Digital Desk

অসম বিধানসভাত গ্ৰীষ্মকালীন অধিবেশনত বিৰোধী আৰু শাসনাধিষ্ঠ দলৰ মাজত হোৱা তৰ্ক বিতৰ্কৰ অন্তত সাম্প্ৰতিক অসমৰ এটি প্ৰধান সমস্যা বানৰ বিষয়ে উত্থাপিত হয় ৷ সম্প্ৰতি বানৰ তাণ্ডৱ ৰাজ্যবাসীয়ে সকলো হেৰুৱাইছে ৷বানে ৰাজ্যবাসীৰ পৰা কাঢ়ি নিছে ধন জন সকলো ৷তেনে অৱস্থাত বানৰ দৰে এটা গুৰুত্বপূৰ্ণ প্ৰসংগক সুস্থ পৰিবেশত আলোচনা কৰি উপায় উলিওয়াতকৈ দল বিৰোধী সকলোৱে ইজনে সিজনক দোষী সাব্যস্ত কৰিলে অসম বিধানসভাৰ মজিয়াত ৷

ইফালে বিৰোধীৰ প্ৰতিবাদৰ পিছতে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্মামীয়ে প্ৰশ্নোত্তৰকালৰ পিছতহে বিষয়টো আলোচনাৰ কাৰণে অনুমতি দিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে ।ইফালে কংগ্ৰেছ আৰু এআই ইউডিএফে হাতে হাতে প্লে কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ সন্মুখত চৰকাৰ বিৰোধী ধ্বনি দিবলৈ আৰম্ভ কৰে ৷বিৰোধীক উদ্দেশ্য কৰি বানৰ বাহিৰে অসমত বেলেগ সমস্যা নাই নেকি? এইটোৱেই অসমৰ প্ৰথম বান সমস্যা নহয়,কংগ্ৰেছৰ দিনত ইয়াতকৈ বেছি বানপানী হৈছিল বুলি মন্তব্য কৰে শাসকীয় দলৰ একাংশ বিধায়কে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে যে বানৰ বিষয়ে বিস্তৃত আলোচনা হোৱাটো মুখ্যমন্ত্ৰী সোনোৱালে বিছাৰিছে।

লগতে কংগ্ৰেছক কটাক্ষ কৰি কয় যে ২০০৪ চনত যেতিয়া অসমত প্ৰলয়ংকাৰী বান আহিছিল তেতিয়া কংগ্ৰেছ দল শাসনত আছিল ৷ কিন্তু তেতিয়া কংগ্ৰেছে ইয়াক চৰ্চা কৰিবলৈ দিয়া নাছিল ৷প্ৰকৃততে কংগ্ৰেছ দল বানাক্ৰান্তসকলক সকাহ দিয়াৰ ক্ষেত্ৰত নিৰাশ হৈছিল ৷ইয়াৰ পিছত অধিক প্ৰতিবাদমুখৰ হৈ পৰে সদন ৷

কংগ্ৰেছ আৰু এআইইউডিএফৰ লগতে সমান্তৰালকৈ শাসকীয় দলৰ একাংশ বিধায়কেও আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে ।শাসক বিৰোধীয়ে সৃষ্টি কৰা এনেধৰণৰ পৰিস্থিতিত তীব্ৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷সদনৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে আসনৰ পৰা থিয় হৈ সকলোকে বহিবলৈ নিৰ্দেশ দিয়ে ৷

পৰিস্থিতি শান্ত নোহোৱাত অধ্যক্ষ গোস্বামী কঠোৰ স্থিতি গ্ৰহণ কৰি দুয়ো পক্ষক বহিবলৈ নিৰ্দেশ দি কয় যে বিধানসভা চলিব লাগিব নিয়মৰ অধীনত ৷সমাজৰ হিতৰ কাৰণে সকলোৱে কাম কৰিব লাগিব ৷সদন মোতকৈ ডাঙৰ৷ মই আজি আছো কাইলৈ নাই ৷কিন্তু সদনৰ গৰিমা অক্ষুন্ন ৰাখিব লাগিব। মই কেতিয়াও কোৱা নাই যে বানৰ সন্দৰ্ভত মই কেতিয়াও চৰ্চা কৰিবলৈ নিদিও। মই কেৱল প্ৰশ্নকালৰ পিছত চৰ্চা কৰাৰ কথা কৈছিলো ৷ উল্লেখ যে সদনৰ হুলস্থুলীয়া পৰিবেশৰ সময়ত মুখ্যমন্ত্ৰী সোনোৱালো উপস্থিত আছিল ৷