শীৰ্ষ বাতৰি

স্বাস্থ্য মন্ত্ৰী শৰ্মাক দুয়োটা বৃক্ক দিবলৈ আগ্ৰহ প্ৰকাশ শোণিতপুৰৰ ব্যক্তিৰ

Sentinel Digital Desk

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি থকাৰ সময়তে যোৱা জুনৰ মাজভাগত আকস্মিকভাৱে অসুস্থ হৈ পৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৃক্কত পাত্থৰ হৈছিল তেওঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীজন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হ'বলগীয়া হৈছিল। এই খবৰে বহুতকে উদ্বিগ্ন কৰি তুলিছিল। তেনে সময়তে মন্ত্ৰী শৰ্মাৰ অসুস্থতাৰ খবৰ পাই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ এজন ব্যক্তিয়ে তেওঁৰ দুয়োটা মন্ত্ৰীজনলৈ দান দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ছোচিয়েল মিডিয়াযোগে এই ইচ্ছা প্ৰকাশ কৰি তেওঁ এটা বাৰ্তাও প্ৰেৰণ কৰিছিল। উল্লেখ্য যে যোৱা ১৪জুনত শৰ্মাৰ বৃক্কত এটা ৩.৭৬ মিলিমিটাৰৰ পাত্থৰ ধৰা পৰিছিল। 

আজি এই সম্পৰ্কে মন্ত্ৰী শৰ্মাই টুইটাৰত সদৰী কৰে। বিশ্বজিত ভগত নামৰ এই ব্যক্তিজনে প্ৰেৰণ কৰা বাৰ্তাটোৰ স্ক্ৰীণ শ্বট স্বাস্থ্য মন্ত্ৰীয়ে আপলোড কৰিছে। ভগতে তেওঁৰ বাৰ্তাটোত মন্ত্ৰী শৰ্মাক উদ্দেশ্যি কৈছে, "দাদা মই আপোনাৰ বাবে মংগল কামনা কৰিছো। মই মোৰ কিডনী দুটা আপোনাৰ বাবে ৰাখি থৈছো। প্ৰয়োজন হলে নিস্বাৰ্থভাবে আপোনাক দিবলৈ সাজু আছো দাদা। আপুনি সোনকালে ভাল হৈ উঠক। প্ৰয়োজন হলে মোক জনাব"। ব্যক্তিজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মন্ত্ৰী শৰ্মাই টুইট কৰিছে।