শীৰ্ষ বাতৰি

কাইলৈৰ পৰা অসম-ছিকিম-মেঘালয়ত প্ৰবল বৰষুণৰ সম্ভাৱনা

Sentinel Digital Desk

কাইলৈ শুকুৰবাৰৰ পৰা অসম, ছিকিম আৰু মেঘালয়ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বতৰ বিশেষজ্ঞৰ মতে, কাইলৈৰ পৰা পূবমুৱা মৌচুমী বায়ু প্ৰবল হ'ব ৷ ইয়াৰ ফলত এই ৰাজ্যকেইখনত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ হিমালয়ৰ পাদদেশত অৱস্থিত ছিকিমত অধিক প্ৰৱল বৰষুণ হ'ব পাৰে ৷

উল্লেখ্য যে এইবাৰৰ বাৰিষাত ৰাজ্যত বানে বিস্তৰ ক্ষতিসাধন কৰে। কমেও তিনি লক্ষ লোক এই বানৰ দ্বাৰা আক্ৰান্ত হয়। বানে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়ত তিনি হেজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হয়।