শীৰ্ষ বাতৰি

ক'ৱিড-১৯ত মৃত ব্যক্তিৰ শেষকৃত্যত স্বাস্থ্য মন্ত্ৰী শৰ্মা

লোকজনৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হয় মহানগৰীৰ উলুবাৰী শ্মশানত ৷

Sentinel Digital Desk

গুৱাহাটীত ক'ৱিড-১৯মহামাৰীত মৃত এজন ব্যক্তিৰ শেষকৃত্যত উপস্থিত থাকিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয় যে সোমবাৰে তেওঁ আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ক'ৰ'নাত মৃত হেমাংগ মজুমদাৰ নামৰ লোকজনৰ শেষকৃত্যত উপস্থিত থাকে ৷ লোকজনৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হয় মহানগৰীৰ উলুবাৰী শ্মশানত ৷ এই সম্পৰ্কত তেওঁ একেটা টুইটত আৰু কয়, " আমি এক কোনো কালে  নোহোৱা সংকটৰ সন্মুখীন হৈছো ।আমি আমাৰ প্ৰতিজনৰ থকা মূল্যবোধ আৰু বিশ্বাস অটুট ৰখা উচিত। ক'ৱিড-১৯আক্ৰান্তলৈ আমি নৈতিক সহায় আগবঢ়াব লাগে ।" শৰ্মাই মজুমদাৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷