শীৰ্ষ বাতৰি

তলাবন্ধৰ নিয়ম উলংঘাঃঅসমত ৪,২৯৭জনক গ্ৰেপ্তাৰ, কমেও ২৫হেজাৰ বাহন জব্দ

Sentinel Digital Desk

তলাবন্ধৰ নিয়ম উলংঘাঃঅসমত ৪,২৯৭জনক গ্ৰেপ্তাৰ, কমেও ২৫হেজাৰ বাহন জব্দ

মহামাৰীৰ ভয়-আতংকই বহুতকে সন্ত্ৰস্ত কৰাৰ বিপৰীতে আন বহু লোকে উলংঘা কৰি ফুৰিছে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ নীতি-নিয়ম ৷ অসমৰ গ্ৰীণ জ'ন জিলাসমূহত যোৱা সোমবাৰৰ পৰা তলাবন্ধৰ নীতি-নিয়ম কিছু শিথিল কৰা হয় ৷ এই তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে চাৰি সহস্ৰাধিক লোক ৷ অসম আৰক্ষীয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত ৪, ২৯৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২৫হেজাৰৰো অধিক যান-বাহন আৰু ৩২খন নাও জব্দ কৰা হৈছে ৷ জব্দকৃত বাহনসমূহৰ ভিতৰৰ ২২,৮৪৮খন দুচকীয়া বাহন,৪৮১খন তিনিচকীয়া আৰু আৰু ২, ০৪৮খন চাৰিচকীয়া বাহন। তদুপৰি তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰা লোকৰ পৰা দুই কোটি ১৮লাখ ৮৯হেজাৰ ৫৫০টকা জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তলাবন্ধৰ আৰম্ভণীৰে পৰা নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ২,০৫৩টা গোচৰ ৰুজু কৰা হৈছে ৷ ইপিনে, অসমত ক'ৰ'না ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি পাইছে। শনিবাৰে যোৰহাটত তিনিজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ইয়াৰে এজন মুম্বাইৰ লোক। তেওঁক স্ব-গৃহলৈ উভতাই পঠিওৱা হৈছে। আন দুজন যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন হৈ আছে।