শীৰ্ষ বাতৰি

বৰপেটাৰ পৰা ৪ জন জামাত-উল-মুজাহিদিনৰ কেডাৰক আটক কৰে অসম আৰক্ষীয়ে

Sentinel Digital Desk

অসম আৰক্ষীৰ বৃহৎ সফলতা । জামাত-উল-মুজাহিদিনৰ ৩ জন কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে । বৰপেটা জিলাৰ পৰা আটক কৰা হৈছে এই ৪ জন কেডাৰক ।বৰপেটাৰ এচ পি ৰবিন কুমাৰে প্ৰকাশ কৰে যে, " জেএমবিৰ কাৰ্যকলাপৰত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে । ১৫ আগষ্টৰ প্ৰাকক্ষণত কুটাঘাতৰ পৰিকল্পনা কৰিছিল । আমাৰ বিশেষ সূত্ৰয়ে বৰপেটা জিলাত জামাত-উল-মুজাহিদিনৰ আত্মগোপণৰ তথ্য জনাইছিল ।" স্বাধীনতা দিৱসৰ পূৰ্বে বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা৷ বৰপেটাত JMBৰে জড়িত ৪ জেহাদীক গ্ৰেপ্তাৰ।শেহতীয়াকৈ অসম আৰক্ষীয়ে কলকাতালৈ যাত্ৰা কৰিছে। জামাত-উল-মুজাহিদিনৰ সদস্য আব্দুল মাটিনক সোধপোছ কৰিবলৈ যাত্ৰা কৰিছে ।

আৰক্ষীৰ জালত হাফিজুৰ ৰহমান, ইয়াকুব আলী আৰু ছৰিফুল ইছলাম। ধৃত হাফিজুৰ ৰহমানৰ ঘৰ কাৰাগাড়ী গাঁৱত। ইয়াকুব আলীৰ ঘৰ কয়াকুছি পামত আৰু ছৰিফুল ইছলামৰ ঘৰ কয়াকুছিত। ভৱানীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে JMB সদস্যকেইটাক। এই সদস্য কেইজন জেএমবিৰ প্ৰশিক্ষণ প্ৰাপ্ত বুলি প্ৰকাশ কৰিছে । কুটাঘাতৰ লক্ষ্যৰে অসমত প্ৰবেশ কৰিছে । আনহাতে বুধবাৰে আন এজন সন্দেহজনক জেএমবিৰ সদস্য হানিফ মিঞাক চিৰাং জিলাৰ ধালিগাঁওৰ পৰা গ্ৰেপ্তাৰ কৰিছে ।

৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আটাইকে। বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে স্পষ্ট কৰিছে এই কথা। ২০১৪ চনতে মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ লৈছিল তিনি জেহাদীয়ে। বৰপেটা আৰু নলবাৰীৰ সীমামূৰীয়া অঞ্চলত বাংলাদেশৰ দুৰ্ধৰ্ষ জেহাদী ছাকিল আহমেদে দিছিল অস্ত্ৰৰ প্ৰশিক্ষণ৷ বৰ্ধমানৰ বোমা বিস্ফোৰনত নিহত হৈছিল জেহাদী ছাকিল আহমেদ। বৰ্তমান বৰপেটা আৰক্ষীয়ে ধৃত তিনিও জেহাদীক মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে জেহাদীবিৰোধী অভিযান অব্যাহত ৰাখিছে।

শেহতীয়াকৈ অসম আৰক্ষীয়ে কলকাতালৈ যাত্ৰা কৰিছে। জামাত-উল-মুজাহিদিনৰ সদস্য আব্দুল মাটিনক সোধপোছ কৰিবলৈ যাত্ৰা কৰিছে ।

পশ্চিম বংগৰ বিশেষ টাক্সফোৰ্চ আৰু কেৰেলা আৰক্ষীৰ যৌথ অভিযানত শুকুৰবাৰে আব্দুল মাটিনক গ্ৰেপ্তাৰ কৰা হৈছিল। আব্দুল মাটিন ২০১৪ চনৰ বুৰদাৱন বিস্ফোৰণত জড়িত আছিল । আব্দুল মাটিন অসমৰ বৰপেটাৰ । আব্দুল মাটিনক গ্ৰেপ্তাৰ কৰা হৈছে কেৰেলাৰ মাল্লাপুৰামত । ২০১০ চনত আব্দুল মাটিনে জামাত-উল-মুজাহিদিনত যোগদান কৰিছিল ।আৰক্ষীৰ জালত হাফিজুৰ ৰহমান, ইয়াকুব আলী আৰু ছৰিফুল ইছলাম। আনহাতে বুধবাৰে আন এজন সন্দেহজনক জেএমবিৰ সদস্য হানিফ মিঞাক চিৰাং জিলাৰ ধালিগাঁওৰ পৰা গ্ৰেপ্তাৰ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : কোকৰাঝাৰ জিলাত ধৃত কেডাৰক আটক