শীৰ্ষ বাতৰি

ক'ৰ'নাৰ বিভীষিকাৰ মাজতে বাক্সা-কোকৰাঝাৰত অস্ত্ৰ ভাণ্ডাৰ জব্দ

Sentinel Digital Desk

ক'ৰ'নাৰ বিভীষিকাৰ মাজতে অসম আৰক্ষীয়ে কোকৰাঝাৰ আৰু বাক্সা জিলাত  এক অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিছে।এই কথা সদৰী কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে

শেহতীয়াভাৱে কোকৰাঝাৰ আৰক্ষীয়ে বগৰীবাৰী আৰক্ষী থানা অধীনৰ অঞ্চলৰ পৰা এটা এ কে ৰাইফল আৰু কেইবাজাঁই সক্ৰিয় গুলী জব্দ কৰাৰ উপৰি বাক্সা আৰক্ষীয়ে গোৰেশ্বৰ আৰক্ষী থানা এলেকাৰ পৰা দুটা এ কে ৰাইফল, দুটা নাইন এম এম পিষ্টল, কেইবাজাঁই সক্ৰিয় গুলী আৰু ছিমলা আৰক্ষী থানা এলেকাৰ পৰা এটা এ কে ৪৭ আৰু কেইবাজাঁই সক্ৰিয় গুলী জব্দ কৰে।

এই সফলতাৰ বাবে কোকৰাঝাৰ আৰক্ষী আৰু বাক্সা আৰক্ষীক ডি জি পি মহন্তই অভিনন্দন জনাইছে। লগতে সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰি যাবলৈ সকলো আৰক্ষীকে তেওঁ নিৰ্দেশ দিছে।