শীৰ্ষ বাতৰি

নিষিদ্ধ ড্ৰাগছ-অবৈধ অস্ত্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছেঃ ডিজিপি মহন্ত

Sentinel Digital Desk

ৰাজ্যৰ পৰা নিষিদ্ধ ড্ৰাগছ আৰু অবৈধ অস্ত্ৰৰ বিভীষিকা দূৰ কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়ে দৃঢ় আৰু ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান(ডি জি পি)ভাস্কৰজ্যোতি মহন্তৰ ৷ ক'ৰ'না মহামাৰীৰ পৰা আৰোগ্য লাভ কৰি কালি ডি জি পি মহন্তই পুনৰ কৰ্তব্যত যোগদান কৰে ৷ পাছত তেওঁ এখন সংবাদমেলত কয় যে ড্ৰাগছ আৰু অবৈধ অস্ত্ৰৰ বিভীষিকা দূৰ কৰাৰ বাবে আৰক্ষীক ৰাইজৰো সহযোগিতাৰ প্ৰয়োজন।

" সমাজক অপৰাধমুক্ত কৰাত প্ৰতিজন নাগৰিকেই সহায় আগবঢ়াব পাৰে ৷ ইয়াৰ বাবে আৰক্ষীৰ পোচাক পিন্ধাৰ প্ৰয়োজন নাই," ডি জি পিগৰাকীয়ে এইদৰে কয় ৷ তেওঁ আৰু কয় যে ড্ৰাগছ বিক্ৰী, ড্ৰাগছৰ সৰবৰাহ আৰু যুৱ প্ৰজন্মক ড্ৰাগছ সেৱন কৰাবলৈ প্ৰলোভিত কৰাৰ সম্পৰ্কীয় বহু গোচৰ অসম আৰক্ষীয়ে ৰুজু কৰিছে ৷এই বছৰৰ ২৬ জুনৰ পৰা ৩১আগষ্টৰ ভিতৰত এনে ৬০১টা গোচৰ আৰক্ষীয়ে ৰুজু কৰে আৰু এহেজাৰজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷ তদুপৰি উক্ত সময়ছোৱাত আৰক্ষীয়ে ১০কিলোগ্ৰাম হেৰ'ইন, বৃহৎ পৰিমাণৰ গাঞ্জা, ৮হেজাৰ কিলোগ্ৰাম ভাং আৰু ড্ৰাগছ আসক্তই ব্যৱহাৰ কৰা ৫০হেজাৰ কফ ছিৰাপ জব্দ কৰে ৷ ইয়ে অসম আৰক্ষীৰ সতৰ্কতাকে সূচায় বুলি মহন্তই মন্তব্য কৰে ৷