শীৰ্ষ বাতৰি

ক'ৰ'নাতংকৰ মাজতে ৰাজ্যত মেলেৰিয়াৰ প্ৰাদুৰ্ভাবঃ এশজন আক্ৰান্ত

Sentinel Digital Desk

ক'ৰ'নাতংকৰ মাজতে ৰাজ্যত মেলেৰিয়াৰ প্ৰাদুৰ্ভাবঃ এশজন আক্ৰান্ত

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে অসমত অভিযান আৰম্ভ কৰিছে মেলেৰিয়াই ৷ চলিত বৰ্ষত ৰাজ্যত এশজন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে ৷ এই সম্পৰ্কত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কৰ্মসূচীৰ যুটীয়া সঞ্চালক ডাঃ হৰপাল সিং সুৰীয়ে দ্য ছেণ্টিনেল ডিজিটেলক কয় যে এনে ৰোগৰ জন-সমষ্টিভিত্তিক নিৰীক্ষণ ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে আৰু ৰাজ্যৰ বহু স্থানত সজাগতা অভিযান আৰম্ভ কৰা হৈছে ৷ "এই বছৰ অসমত এশজন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে ৷ যোৱা বছৰ ১৭৫ জন লোক আক্ৰান্ত হৈছিল ৷ ইয়াৰে এজন মৃত্যুমুখত পৰে ৷ কালিলৈকে কোকোৰাঝাৰত ২৯জন, ওদালগুৰিত ২৫জন, কাচাৰত সাতজন আৰু চিৰাঙত ৯জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে ৷"-ডাঃ সুৰীয়ে এইদৰে কয় ৷ কাৰ্বি আংলঙৰ দুয়োখন জিলাত ৯জন আৰু ডিমা হাচাওত দুজন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে ৷ আনহাতে, মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী ধোঁৱা দিয়া কাৰ্যসূচী হাতত লৈছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে মেলেৰিয়াৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাজ্য চৰকাৰলৈ ২১লাখ টকা মুকলি কৰি দিছে ৷ ইপিনে, ৰাজ্যৰ কে'বাখনো জিলা অলপতে বানৰ কবলত পৰে ৷ এনেদৰে ক'ৰ'না মহামাৰীৰ সমান্তৰালভাবে ৰাজ্যই ইটোৰ পাছত সিটো দুৰ্যোগৰ মুখামুখী হৈছে ৷

সাম্প্ৰতিক বানত ৰাজ্যত ১০ জন লোকে প্ৰাণ হেৰুৱায়। এই বানত অন্যতম অধিক ক্ষতিগ্ৰস্ত জিলা গোৱালপাৰা জিলাত আজি এজন লোকে বাঢ়নী পানীত ডুবি প্ৰাণ হেৰুৱায় ৷ ইয়াৰ লগে লগে এই বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০জনলৈ বৃদ্ধি পায় ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এই তথ্য প্ৰকাশ কৰিছে ৷ সৌভাগ্যবশতঃ বানৰ পানী ক্ৰমে কমিবলৈ ধৰিছে ৷ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, বৰষুণ হ্ৰাস পাবলৈ ধৰাত যোৱা ২৮মে'ৰ পৰা ৰাজ্যত বানৰ পানী শুকাবলৈ ধৰিছে ৷ আনহাতে, আজিলৈকে সাম্প্ৰতিক বানত ৰাজ্যৰ চাৰিখন জিলাত এক লাখ ১৬হেজাৰ ৪৯জন ব্যক্তি ক্ষতিগ্ৰস্ত হৈছে ৷ এই চাৰিখন জিলা হৈছে হোজাই, গোৱালপাৰা, নগাঁও আৰু কাচাৰ ৷ এই জিলাকেইখন অধিক ক্ষতিগ্ৰস্ত জিলা ৷ আনহাতে, বানাক্ৰান্তৰ বাবে স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰৰ পৰা লাহে লাহে মানুহ গৃহাভিমুখী হ'বলৈ ধৰিছে ৷