শীৰ্ষ বাতৰি

অসমত আৰু দুজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু, মৃতকৰ সংখ্যা ২৪লৈ বৃদ্ধি

এই ব্যক্তি দুজনৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যত ক’ৰ’না মহামাৰীত মৃতকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে।

Sentinel Digital Desk

অসমত আৰু দুজন ক'ৰ'না আক্ৰান্ত মৃত্যুমুখত পৰিছে্। প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ বেলতলাৰ এজন ৭০বছৰীয়া ব্যক্তি আৰু কাৰ্বি আংলঙৰ এজন ৫৬বছৰীয়া ব্যক্তি ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "গুৱাহাটীৰ বেলতলাৰ প্ৰসন্ন কুমাৰ হালৈ(৭০) আৰু কাৰ্বি আংলঙৰ ৰামছিং হান্সেক ক'ৰ'নাত আক্ৰান্ত হোৱাত জি এম চি এইচত ভৰ্তি কৰা হৈছিল। আজি পুৱা দুয়োৰে মৃত্যু হয়। তেওঁলোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছো। এই ব্যক্তি দুজনৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যত ক'ৰ'না মহামাৰীত মৃতকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। আনহাতে, সম্প্ৰতি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৪,০৩১জন হৈছে। ইয়াৰে ৮,৭২৬জন আৰোগ্য হৈছে।