শীৰ্ষ বাতৰি

অযোধ্যাৰ ৰাম মন্দিৰলৈ অসমৰ ভাস্কৰ্য শিল্পীৰ ৰাম কথা কুঞ্জ

কাচাৰৰ এজন ভাস্কৰ্য শিল্পীয়ে তৈয়াৰ কৰা ভগৱান ৰামৰ জীৱনৰ বিভিন্ন পৰ্বৰ মূৰ্তি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰতিষ্ঠা হ’ব।

Sentinel Digital Desk

সকলো ঠিকে-ঠাকে থাকিলে অহা ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অযোধ্যাৰ ৰাম জনমভূমিত সম্পন্ন হ'ব ৰাম মন্দিৰৰ ভূমি পূজন। এই বাৰ্তাই বহুতকে আলোড়িত কৰি ৰাখিছে। এই ক্ষেত্ৰত অসমৰ বাবে এক বিশেষ বাৰ্তা আছে। কাৰণ অসমৰ কাচাৰৰ এজন ভাস্কৰ্য শিল্পীয়ে নিৰলস পৰিশ্ৰমৰ মাজেৰে তৈয়াৰ কৰা ভগৱান ৰামৰ জীৱনৰ বিভিন্ন পৰ্বৰ মূৰ্তি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰতিষ্ঠা হ'ব। এই ভাস্কৰ্য শিল্পীগৰাকীৰ নাম ৰঞ্জিত মণ্ডল। বিগত সাত বছৰ ধৰি ভাস্কৰ্য শিল্পী মণ্ডলে ভগৱান ৰামৰ জীৱনৰ বিভিন্ন স্তৰৰ পৰ্ব গঢ়াত মনোনিৱেশ কৰি আছে। ক'ৰ'না মহামাৰী আৰু লক-ডাউনে সৃষ্টি কৰা প্ৰত্যাহ্বানৰো মাজতো মণ্ডলে ভগৱান ৰামৰ ভাস্কৰ্য গঢ়াত মনোনিৱেশ কৰি থাকে।

শেহতীয়াভাবে তেওঁ 'সীতা হৰণ' পৰ্বৰ মূৰ্তিৰ নিৰ্মাণ শেষ কৰিছে। এই ভাস্কৰ্যসমূহ গঢ়ি তোলা সম্পৰ্কে মণ্ডলে সাংবাদিকক কয়," প্ৰতিটো দৃশ্যত পাঁচৰ পৰা ছয়টা চৰিত্ৰ আছে। অৱশ্যে কোনো কোনো মূহূৰ্তত ততোধিক চৰিত্ৰ আছে। ভগৱান ৰামৰ জীৱনক লৈ ৪০টা দৃশ্যপট আছে। মোৰ এই সৃষ্টি চিৰ জীৱনৰ বাবে স্থায়ী হৈ ৰব"।উল্লেখ্য যে কাচাৰ জিলাৰ অত্যন্ত ভিতৰুৱা অঞ্চল ৰামকৃষ্ণ পল্লীৰ নিবাসী ভাস্কৰ্য শিল্পী ৰঞ্জিত মণ্ডলক অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰাম কথা কুঞ্জৰ এই মূৰ্তিসমূহ তৈয়াৰৰ দায়িত্ব প্ৰদান কৰে বিশ্ব হিন্দু পৰিষদৰ আন্তঃজাতিক কাৰ্যবাহী সভাপতি অশোক সিংঘালে। সেই অনুসৰি ২০১৩ৰ পৰা তেওঁ এই ভাস্কৰ্য গঢ়াত মনোনিবেশ কৰে।