শীৰ্ষ বাতৰি

ৱিকিউৎসৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত তৃতীয় স্থান দখল অসমৰ

অসমীয়া ৱিকিউৎসৰ অনামিকা বড়াই ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে

Sentinel Digital Desk

 ৱিকিউৎসৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত তৃতীয় স্থান দখল অসমৰ

'চেণ্টাৰ ফ'ৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটি-এক্‌চেচ টু ন'লেজ' সংস্থাই ভাৰতীয় ভাষাৰ ৱিকিউৎস প্ৰকল্পসমূহৰ মাজত আয়োজন কৰা মুদ্ৰণ সংশোধনৰ প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসই তৃতীয় স্থান লাভ কৰিছে । অসমীয়া ৱিকিউৎসৰ ফেচবুক পেজৰ মতে, 'ইণ্ডিক ৱিকিছ'ৰ্চ প্ৰুফৰিডথন' শীৰ্ষক এই প্ৰতিযোগিতা় য়োৱা পহিলা মে'ৰ পৰা ১০ মে'লৈ অনুষ্ঠিত হয়।

অসমীায়া ভাষাসহ ১২ টা ভাৰতীয় ভাষাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।। পাছত যোৱা ১২ মে'ত ঘোষণা কৰা হয় প্ৰতিযোগিতাৰ ফলাফল। ফলাফল অনুসৰি অসমীয়া ৱিকিউৎসই এই প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে৷ আনহাতে, মাৰাঠী ৱিকিউৎস আৰু তামিল ৱিকিউৎস‌ই ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে।

অসমীয়া ৱিকিউৎসই ফেচবুক পেজত জনোৱা মতে, উক্ত প্ৰতিযোগিতাৰ বাবে ২৭ খন কপিৰাইট-মুক্ত অসমীয়া গ্ৰন্থৰ তালিকা প্ৰস্তুত কৰা হৈছিল আৰু অসমৰ মুঠ ২৫ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ প্ৰতিযোগীসকলে অসমীয়া গ্ৰন্থসমূহৰ মুঠ ৪,২৮৩ টা পৃষ্ঠা সংশোধন আৰু ৩,৪১১ টা পৃষ্ঠা বৈধকৰণ কৰে। সমগ্ৰ দেশৰ প্ৰায়  দুশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসৰ অনামিকা বড়াই ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে৷

উল্লেখ্য  যে  অসমীয়া ৱিকিউৎসৰ ঈশান জ্যোতি বৰা, চাণক্য কুমাৰ দাস, বিশ্বজিৎ বৈশ্য, ডাঃ গীতাৰ্থ বৰদলৈ, প্ৰদ্যুত প্ৰতীম দত্ত, নিৰঞ্জন বড়া, অনিমেষ বৰা, ভাস্কৰজ্যোতি ভূঞা, প্ৰাণজ্যোতি নাথ, প্ৰিয়দৰ্শিকা মেধি, দিব্য দত্ত, নয়ন জ্যোতি নাথ, হানিফ আলী, অনামিকা বৰুৱা, বিদ্যুৎ শৰ্মা, মৌচুমী দাস, মৃদুল কুমাৰ শৰ্মা, নিজৰা কোঁচ, অম্লান বসুমতাৰী, বাবুল বৈশ্য, ড০ জলী ৰুমী বৰা, শশাংক বৰগোঁহাই, নিতিশা বৰদলৈ, ড০ গীতাৰ্থ কৌশিক বৰঠাকুৰেও বৰঙণি আগবঢ়ায়।

আনহাতে, অংশগ্ৰহণকাৰীসকলে ১০ দিনত ডিজিটাইজ কৰি উলিওৱা কেইখনমান গ্ৰন্থ হৈছে- ভোলানাথ দাসৰ "সীতা-হৰণ কাব্য", ৰঘুনাথ দাস মহন্তৰ "অসমীয়া অদ্ভুত ৰামায়ণ", বৃষকেতুৰ "ঊষা হৰণ", ভট্টদেৱৰ "কথা-গীতা", ৰাম সৰস্বতীৰ "কৰ্ণ পৰ্ব্ব", ৰাম সৰস্বতী অনূদিত জয়দেৱৰ "গীতগোবিন্দ", ঈশানন্দ ভঁড়ালীৰ ""অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল", মফিজুদ্দিন আহমদ হাজৰিকাৰ "জ্ঞান-মালিনী", গোবিন্দ মিশ্ৰৰ "শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা" আদি৷