শীৰ্ষ বাতৰি

কুৱেইটত অসমৰ মহিলাক ২ লাখ টকাত বিক্ৰী নিজৰে স্বামীৰ

Sentinel Digital Desk

অসমৰ এগৰাকী মহিলাক তেওঁৰ নিজৰ স্বামীয়েই কুৱেইটলৈ নি তাত  ২লাখ টকাত বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে। তিনিচুকীয়াৰ এই মহিলাগৰাকী দুবছৰৰ পাছত কৌশলেৰে আহি ঘৰত উপস্থিত হৈছে। 

মহিলাগৰাকীৰ স্বামীক জনৈক আডাম প্ৰেমা(৩২) বুলি চিনাক্ত কৰা হৈছে।। মহিলাগৰাকীয়ে জনায় যে ২বছৰৰ আগেয়ে মাত্ৰ ২লাখ টকাৰ বিনিময়ত নিজ স্বামীয়ে তেওঁক বিক্ৰী কৰে কুৱেইটত। স্বামীৰ বিৰুদ্ধে মানৱ সৰবৰাহত জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে । স্বামীৰ বিৰুদ্ধে অন্য বহু মহিলা তথা শিশুক বিশ্বৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা বুলিও অভিযোগ কৰিছে মহিলাগৰাকীয়ে। আৰু লগতে তেওঁ কয় যে প্ৰেমাই নিজৰ জেষ্ঠ সন্তানকো বিক্ৰী কৰাৰ অপচেষ্টা চলাইছিল।

"মোৰ স্বামীয়ে কোনোবা মৰা বা জীয়াৰ কথাৰ নাভাবে। তেওঁ কেৱল টকাক প্ৰাধান্য দিয়ে। তেওঁ আমাৰ পুত্ৰকো বিক্ৰী কৰা প্ৰচেষ্টা চলাইছিল" - ভুক্তভোগী মহিলাগৰাকীয়ে কয় ।

ইয়াৰ লগতে তেওঁ কয়, "মোৰ স্বামী আডাম প্রেমাই মানুহক ৪০,০০০ - ৫০,০০০টকাত ক্ৰয় কৰে আৰু পৰবৰ্তী সময়ত তেওঁলোকক বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰায় ১লাখ টকা লৈকে বিক্ৰী কৰে"।

উল্লেখযোগ্য যে মহিলাগৰাকীয়ে বৰ্তমানলৈকে স্বামীৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ দাখিল কৰা নাই।