শীৰ্ষ বাতৰি

মাৰাডোনাৰ হাতঘড়ী চুৰি কৰিলে অসমৰ এজনেঃ চৰাইদেউত গ্ৰেপ্তাৰ অভিযুক্ত

Sentinel Digital Desk

অসমৰ শিৱসাগৰত উদ্ধাৰ হৈছে আৰ্জেণ্টিনাৰ ফুটবল কিম্বদন্তী ডিয়েগো মাৰাডোনাৰ এটা চুৰি হোৱা হাতঘড়ী। ডুবাই আৰক্ষী আৰু শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই হাতঘড়ীটো উদ্ধাৰ কৰাৰ লগতে ৱাজিদ হুছেইন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য় অনুসৰি মাৰাডোনাৰ চুৰি হোৱা এই হাতঘড়ীটোৱে ফুটবল কিম্বদন্তীগৰাকীৰ ঐতিহ্য বহন কৰে। হাতঘড়ীটো চুৰিত অভিযুক্ত ৱাজিদ হুছেইন নামৰ লোকজনক আৰক্ষীয়ে চৰাইদেউ জিলাৰ মৰাণহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছে। এই তথ্য সদৰী কৰিছে অসম আৰক্ষীয়ে। 

এই সম্পৰ্কত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সদৰী কৰা অনুসৰি অভিযুক্ত হুছেইনে ডুবাইৰ এটা কোম্পানীত সুৰক্ষা কৰ্মীৰূপে কাম কৰিছিল। সেই কোম্পানীটোৱে মাৰাডোনাৰ ঘড়ীটো সংৰক্ষণ কৰি ৰাখিছিল। কোম্পানীটোত কিছুদিন কাম কৰাৰ পাছতে হুছেইনে পিতৃৰ অসুখৰ অজুহাত দি ভাৰতলৈ আহিবলৈ কোম্পানী কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি যোৱা ১৫ আগষ্টত তেওঁ দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানকোঠত উপস্থিত হয়। 

আনহাতে, শিৱসাগৰৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত হুছেইনৰ ঘৰ শিৱসাগৰত। যোৱা নিশা তেওঁক মৰাণহাটস্থিত আত্মীয়ৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।