শীৰ্ষ বাতৰি

ক'ৰ'নাৰ মাজতে পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল অসমৰ সবাতোকৈ পৰিচ্ছন্ন গাঁও

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ আগমণ বন্ধ ৰখা ৰাজ্যৰ সবাতোকৈ পৰিচ্ছন্ন গাঁও ৰংছাপাৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হৈছে ৷ আজি শনিবাৰৰ পৰা গাৰো জনগোষ্ঠী বসতিপ্ৰধান গাঁওখন পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে ৷ উল্লেখ্য যে ২০১৬-১৭ত গোৱালপাৰা জিলাৰ ৰংছাপাৰা গাঁও অসমৰ সবাতোকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁওৰূপে ঘোষিত হৈছিল ৷ ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাৱৰ বাবে পৰ্যটকৰ প্ৰৱেশ বন্ধ ৰখা গাঁওখন আজিৰ পৰা গাঁওবাসীয়ে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰিছে ৷

অৱশ্যে ক'ৰ'না ভাইৰাছৰ সম্ভাব্য প্ৰাদুৰ্ভাৱ প্ৰতিৰোধৰ উদ্দেশ্য বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গাঁওখনলৈ যিসকল পৰ্যটক যাব, তেওঁলোকৰ বাবে মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে ৷ তদুপৰি সামাজিক দূৰত্বৰ নীতি মানি চলিব লাগিব ৷ মেঘালয় সীমান্তত মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই গাঁৱক ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ ভিতৰতে সবাতোকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁওৰূপে ঘোষণা কৰে ৷ গাঁওখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে গাঁওবাসীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচ লাখ টকাৰে পুৰষ্কৃত কৰিছিল ৷