শীৰ্ষ বাতৰি

অসমত ক'ৱিড-১৯ত মৃতকৰ প্ৰকৃত তথ্য প্ৰকাশ পোৱা নাইঃ বৰদলৈ

Sentinel Digital Desk

অসমত ক'ৰ'না মহামাৰীত মৃত ব্যক্তিৰ প্ৰকৃত তথ্য প্ৰকাশ পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ বৰদলৈয়ে ৷ নগাঁৱৰ সাংসদ বৰদলৈয়ে আজি লোকসভাত কয় যে মৃতকৰ আচল তথ্য প্ৰকাশ নোপোৱাৰ ফলত অসমত ক'ৰ'নাত মৃতৰ সংখ্যা নিম্ন হৈ আছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনক তেওঁ জনায় যে অসমত ক'ৰ'নাত মৃত কমেও ৫৫০জন ব্যক্তিৰ মৃত্যুৰ কাৰণ ক'ৰ'না বুলি চৰকাৰীভাবে তথ্য লিপিবদ্ধ হোৱা নাই ৷

এই ব্যক্তিসকল ক'ৰ'নাক বাদ দিও আন জটিল ৰোগতো আক্ৰান্ত থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মৃত্যুৰ কাৰণ ক'ৰ'না বুলি মৃত্যুৰ হিচাপ পৰীক্ষা ব'ৰ্ডে উল্লেখ নকৰিলে বুলি বৰদলৈয়ে দাবী কৰে ৷ "আমি আমাৰ ৰাজ্যত ক'ৱিড-১৯ৰ ভয়াবহতাৰ সন্মুখীন হৈছো ৷

আজিলৈকে অসমত ক'ৰ'নাত ৫৪৮জন ব্যক্তিৰ মৃত্যু হৈছে ৷ মুঠ আক্ৰান্ত ডেৰ লক্ষ ৷ মৃতকৰ সংখ্যা কম হোৱাক লৈ আমি সুখী হৈছো ৷ কিন্তু শেহতীয়াকৈ তথ্য পোৱা গৈছে যে ক'ৰ'নাজনিত মৃত্যুৰ কেতবোৰ তথ্যক চৰকাৰীভাবে আওকাণ কৰা হৈছে। আনকি পৰীক্ষাগাৰৰ প্ৰতিবেদনকো গুৰুত্ব দিয়া হোৱা নাই," সাংসদ বৰদলৈয়ে এইদৰে কয় ৷