শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫৬লৈ বৃদ্ধিঃ স্বাস্থ্য মন্ত্ৰী শৰ্মা

এইকেইজন ব্যক্তিয়েও ৰাজস্থানৰ পৰা কাচাৰৰ ক’ৰ’না আক্ৰান্ত ব্যক্তিজনৰ সৈতে একেখন বাছত অসমলৈ আহিছিল।

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা লোকৰ সংখ্যা শুকুৰবাৰে ৫৬ জনলৈ বৃদ্ধি পায়।আজি টুইটাৰত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

টুইটোত তেওঁ কয়, " কাছাৰৰ এইকেইজন ব্যক্তিয়েও ৰাজস্থানৰ পৰা কাচাৰৰ ক'ৰ'না আক্ৰান্ত ব্যক্তিজনৰ সৈতে একেখন বাছত অসমলৈ আহিছিল। সম্প্ৰতি অসমত মুঠ আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি পাইছে"।

ইয়াৰ পূৰ্বে কালি স্বাস্থ্যমন্ত্ৰী শৰ্মাই এক টুইটযোগে জনায় যে ৰাজস্থানৰ পৰা বাছেৰে অহা ৪ জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। কাছাৰ জিলাত ক'ৰ'না পজিটিভ ধৰা পৰা লোক এজনৰ সৈতে একেখন বাছেৰে আহিছিল এই চাৰিজন লোক। ইয়াৰ প্ৰায় আধাঘণ্টা পিছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ১০ বাজি ০৯ মিনিটত আন এটি টুইট কৰে। আধাঘণ্টাৰ ভিতৰত কৰা এই দ্বিতীয়টো টুইটত আছিল গুৱাহাটী মহানগৰীতো আৰু ৪ জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ খবৰ। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে গুৱাহাটীত ধৰা পৰা এই ৪ জন লোকৰ এজন বহিঃৰাজ্যৰ পৰা অসমলৈ আহিছিল আৰু হোম কোৱাৰেণ্টাইনত আছিল। বাকী ৩ জন লোক গুৱাহাটীৰেই বুলি সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে।