শীৰ্ষ বাতৰি

গ্ৰীণ জ'নলৈ উন্নীত ধুবুৰীঃ আটাইকেইজন ক'ৱিড আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

Sentinel Digital Desk

গ্ৰীণ জ'নলৈ উন্নীত ধুবুৰীঃ আটাইকেইজন ক'ৱিড আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

এক স্বস্তিৰ বতৰা! ধুবুৰী জিলাক ক'ৱিড-১৯ অৰেঞ্জ জ'নৰ পৰা গ্ৰীণ জ'নলৈ উন্নীত কৰা হৈছে ৷ জিলাখনত মুঠ পাঁচজন ক'ৰ'না আক্ৰান্ত আছে ৷ ৰোগ চিনাক্তকৰণৰ পাছৰে চিকিৎসাধীন হৈ থকা আটাইকেইজন ৰোগী সুস্থ হোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ আনহাতে, এজনৰ পাছত আনজনকৈ ক'ৱিড আক্ৰান্ত চিনাক্ত হোৱাত জিলাখনক ক'ৱিড-১৯ অৰেঞ্জ জ'ন ঘোষণা কৰা হয় ৷ সম্প্ৰতি ক'ৱিড আক্ৰান্ত কেইজন সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাত জিলাখনক আজি শুকুৰবাৰে গ্ৰীণ জ'ন ঘোষণা কৰা হয়। তাৎক্ষণিকভাবে গ্ৰীণ জ'নৰ নীতি-নিয়মাৱলী জিলাখনত প্ৰযোজ্য হৈছে ৷ সেই অনুসৰি দোকান-পোহাৰ খোলা আৰু সাধাৰণ লোকৰ চলা-ফুৰাৰ ক্ষেত্ৰত কেতবোৰ শিথিলতা ঘোষণা কৰা হৈছে ৷ অৱশ্যে চিনেমা হল, শ্বপিং মল, চেলুন আদি বন্ধ থাকিব ৷ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি নিম্নোক্ত দোকান-পোহাৰসমূহ কাইলৈ অৰ্থাৎ ১৫মে'ৰ পুৱা সাত বজাৰ পৰা বিয়লি চাৰি বজালৈ খুলিব পাৰিবঃ

ম'বাইল ফোনৰ দোকান, হাৰ্ডৱেৰ-পেইণ্টিঙৰ দোকান, লোহাৰ দোকান, চৰইকেলৰ দোকান, বৈদ্যুতিক সামগ্ৰীৰ দোকান, যান-বাহনৰ গেৰেজ আদি ৷