শীৰ্ষ বাতৰি

প্ৰাক্তন আটাছু নেতা অশ্বিনী চেতিয়াৰ অকাল বিয়োগ

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধিৰ সময়তে এক দুখৰ খবৰ। সদৌ টাই আহোম ছাত্ৰ সন্থা(আটাছু)-ৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে নিশা ১২-১৫বজাত গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত চেতিয়াৰ অকাল মৃত্যু হয় ।

আহোম জনগোষ্ঠীৰ এজন শক্তিশালী নেতা চেতিয়া বহু বছৰ টাই আহোম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থাকি শেহতীয়াভাবে বিজেপি দলত যোগদান কৰিছিল। বিজেপিৰ ৰাজ্যিক কাৰ্য-নিৰ্বাহক সদস্য আছিল নেতাজন।

বিগত প্ৰায় দুবছৰ দিন ধৰি হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল নেতাজন । যোৱা বিধান সভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল অশ্বিনী চেতিয়া। নেতা গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, সন্তানকে ধৰি বহু আত্মীয়-স্বজন এৰি থৈ যায়।অশ্বিনী চেতিয়াৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ শিৱসাগৰৰ লগতে জন্মস্থান হাঁহচৰা নপাম চেতিয়া গাঁও।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট যুৱ নেতা অশ্বিনী চেতিয়াৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে।