শীৰ্ষ বাতৰি

বেইৰুটৰ বিস্ফোৰণত কমেও ৮০ জনৰ মৃত্যু, আহত ৪ সহস্ৰাধিক

প্ৰধানমন্ত্ৰী হাছান ডিবাবে কয় যে এই বিস্ফোৰণত কমেও ২,৭০০ টন এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল।

Sentinel Digital Desk

লেবাননৰ ৰাজধানী বেইৰুটত মঙলবাৰে সংঘটিত বিস্ফোৰণত কমেও ৮০জন লোকে প্ৰাণ হেৰুৱায়। তদুপৰি এই বিস্ফোৰণত চাৰি সহস্ৰাধিক লোক আহত হয়। উল্লেখ্য যে বেইৰুট বন্দৰত কালি দুটা বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে বিস্ফোৰণস্থলীৰ কেইবা কিলোমিটাৰ দূৰত্বলৈকে ঘৰ-দুৱাৰ ভাঙি চূড়মাৰ হয়। বিস্ফোৰণ সংঘটিত হোৱা বন্দৰটোত প্ৰথমে জুই দেখা যায়। জুইয়ে আকাশলৈ ভয়ংকৰ কুণ্ডলী সৃষ্টি কৰা পৰিলক্ষিত হয়।

আনহাতে, এই ভয়াবহ বিস্ফোৰণ সম্পৰ্কত লেবাননৰ প্ৰধানমন্ত্ৰী হাছান ডিবাবে কয় যে এই বিস্ফোৰণত কমেও ২,৭০০ টন এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল। এমোনিয়াম নাইট্ৰেট সাৰ তৈয়াৰত আৰু বিস্ফোৰক তৈয়াৰত ব্যৱহাৰ কৰা হয়। প্ৰধানমন্ত্ৰী ডিয়াবে লগতে কয় যে এটা পন্যাগাৰৰ ভিতৰত এই বিস্ফোৰণ সংঘটিত হয়। উল্লেখ্য যে বেইৰুটত এনে এক বিস্ফোৰণ সংঘটিত হব পাৰে বুলি ২০১৪তে চোৰাংচোৰাই চৰকাৰক সতৰ্ক কৰি দিছিল। এই বিস্ফোৰণত মৃতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী ডিয়াবে শোকপ্ৰকাশ কৰিছে।