শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল 'বাহুবলী'ৰ নিৰ্দেশক এছ এছ ৰাজামৌলী

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল আৰু এজন বিখ্যাত ব্যক্তি। প্ৰাপ্ত তথ্য অনুসৰি ছবি নিৰ্মাতা তথা বিপুল জনপ্ৰিয় ছবি 'বাহুবলী'ৰ নিৰ্দেশক এছ এছ ৰাজামৌলী ক'ৰ'না পজিটিভ হৈছে।তেওঁৰ পৰিয়ালৰ সদস্যবৰ্গও এই মহামাৰীত আক্ৰান্ত হৈছে। এই তথ্য তথ্য খ্যাতিমন্ত ছবি নিৰ্দেশকজনে টুইটাৰত নিজে প্ৰকাশ কৰিছে। সম্প্ৰতি তেওঁলোক হোম কোৱাৰেণ্টিনত আছে।

চিকিত্সকৰ দিহা অনুসৰি হোম কোৱাৰেণ্টিনত থকা বুলি ছবি পৰিচালকজনে প্ৰকাশ কৰিছে।ৰাজামৌলীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল বিগত কিছুদিন ধৰি জ্বৰত আক্ৰান্ত আছিল।শেহতীয়াভাবে তেওঁলোকে নমুনা পৰীক্ষা কৰোৱায়। এই নমুনা পৰীক্ষাত আটাইকেইজনৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰে।